Welcome to Assam Jatiya Bidyalay (AJB) All Questions and Answers Blog . This post is specially prepared for students, teachers, and parents who are searching for class-wise AJB question answers in a simple, exam-oriented.

* আইজাক নিউটন *
1. আইজাক নিউটনৰ জন্ম ক’ত আৰু কিমান চনত হৈছিল ?
উত্তৰ : ১৬৪২ চনত উলছথ্ৰ’প নামৰ ইংলেণ্ডৰ এখন গাঁৱত হৈছিল ।
2. ১৮৮৭ চনত লেটিন ভাষাত প্ৰকাশ পোৱা কিতাপ খনৰ নাম কি আছিল?
উত্তৰ : ‘নেচাৰেলিছ ফিল’ছফিয়া প্ৰিন্সিপিয়া মেথমেটিকা ‘
3. ১৮৮৭ চনত লেটিন ভাষাত প্ৰকাশ পোৱা কিতাপ খনৰ অসমীয়া অনুবাদৰ নাম কি আছিল ?
উত্তৰ : প্ৰাকৃতিক দৰ্চনৰ গাণিতীয় সুত্ৰাৱলি ।
4. নিউটনৰ বিজ্ঞান জগতৰ অভিনৱ আৱিষ্কাৰ সমূহ কি কি আছিল ?
উত্তৰ : a. নিউটনৰ গতি বিতৰণ বিধি
b. পৃথিৱী আৰু পাৰ্থিৱ বস্তুৰ মাজত এক আকৰ্ষণ বল আছে যাৰ ফলত সকলো বস্তু পৃথিৱীৰ উপৰি ভাগত পৰিব খোজে ।
c. এই আকৰ্ষণী বলেই সূৰ্য আৰু গ্ৰহ বিলাকৰ ওপৰতো ক্ৰিয়া কৰে ফলত গ্ৰহ বিলাকৰ সূৰ্যৰ চাৰিওফালে ঘুৰি থাকিবলৈ বাধ্য হয় ।
4. নিউটনৰ আৱিষ্কাৰত অভিভূত হৈ আলেকজেণ্ডাৰ প’প নামৰ ইংৰাজ কবিয়ে কি বুলি লিখিছিল ?
উত্তৰ : Newton and Newton’s laws lay hid in night
God said, ‘Let Newton be!’ and all was light.’
5. নিউটনে আৱিষ্কাৰ কৰা কণিকা তত্ব কি আছিল ?
উত্তৰ : ইয়াৰ দ্বাৰা তেওঁ পোহৰৰ প্ৰতিফলন,ইয়াৰ ঋজুৰেখ গতি আদি বাখ্যা কৰিবলৈ সমৰ্থ হৈছিল ?
6. পোহৰ বিজ্ঞানলৈ নিউটনৰ অৱদান কি আছিল ?
উত্তৰ : প্ৰতিফলক দূৰবীন
7. কিমান চনত নিউটনে ৰয়েল ছ’ছাইটিৰ সভ্য নিৰ্বাচিত হৈছিল ?
উত্তৰ : ১৬৭২
8.নিউটনৰ আঙঠি কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ : আইজাক নিউটন
9. নিউটনৰ পোহৰ বিজ্ঞানৰ প্ৰথম পুথি খনৰ নাম কি আছিল ?
উত্তৰ : অপ্টিক্স
10. নিউটনৰ শীতলীভৱন বিধিটো কি আছিল ?
উত্তৰ : “তপত বস্তু বিশেষ নিয়মত শীতল হয় ” ।
11. বীজগণিত সমীকৰণ তত্বলৈ তেওঁৰ বৰঙণি কি আছিল ?
উত্তৰ : কলন গণিত নামৰ গণিতৰ এটা বিশেষ শাখাৰ উদ্ভাৱন কৰিছিল ।
12. কিমান চনত তেওঁ ৰয়েল ছছাইটিৰ সভাপতি নিৰ্বাচিত হৈছিল ?
উত্তৰ : ১৭০৩
13. নিউটনক ছাৰ উপাধিৰে কোনে বিভূষিত কৰিছিল ?
উত্তৰ : ১৭০৫ চনত ইংলেণ্ডৰ ৰাণীয়ে ।
14. নিউটনৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ : ১৭২৭ চনৰ কুৰি মাৰ্চৰ দিনা পচাঁশী বছৰ বয়সত ।
