মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান,
অসমীয়া ৰচনা
(HSLC Exam – Essay)
(HSLC- 2002, 2004, 2006, 2008, 2010, 2014, 2019 )
ভূমিকা:
বিজ্ঞান হৈছে জ্ঞানৰ সেই শাখা যি পৰীক্ষা-নিৰীক্ষা আৰু যুক্তিৰ জৰিয়তে সত্য উন্মোচন কৰে। মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বিজ্ঞান অবিহনে আধুনিক সভ্যতাৰ কল্পনাই কৰিব নোৱাৰি।
বিজ্ঞানৰ অৱদান :
আদিম মানুহে জুই আৱিষ্কাৰ কৰি জীৱনধাৰনত বিপ্লৱ আনিছিল। জুইয়ে খাদ্য ৰান্ধিবলৈ, ঠাণ্ডা আৰু বনৰীয়া জন্তুৰ পৰা সুৰক্ষা দিবলৈ সহায় কৰিছিল।
উন্নত বীজ, ৰাসায়নিক সাৰ, সেচ ব্যৱস্থা আৰু আধুনিক কৃষিযন্ত্ৰৰ ব্যৱহাৰে কৃষি উৎপাদন বহু গুণে বৃদ্ধি কৰিছে। ইয়াৰ ফলত খাদ্য সংকট হ্ৰাস পাইছে।
বিজ্ঞানৰ সহায়ত কল-কাৰখানা, বিদ্যুৎ ব্যৱস্থা আৰু যন্ত্ৰপাতি গঢ় লৈ উঠিছে। উৎপাদন বৃদ্ধি পোৱাৰ লগতে কৰ্মসংস্থাপনো সৃষ্টি হৈছে।
চিকিৎসা বিজ্ঞানত বিজ্ঞানৰ অৱদান অপৰিসীম টিকা, এণ্টিবায়’টিক, অস্ত্ৰোপচাৰ আদি চিকিৎসা পদ্ধতিয়ে বহু মাৰাত্মক ৰোগ নিৰাময় কৰিছে। মানুহৰ গড় আয়ু বৃদ্ধি পাইছে।
ৰেল, পথ, বিমান, মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ফলত দূৰত্ব কমি গৈছে। তথ্য আদান-প্ৰদান অতি দ্ৰুত হৈছে। কম্পিউটাৰ আৰু অনলাইন শিক্ষাই শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিছে। শিক্ষাৰ মান উন্নত হৈছে। উপগ্ৰহ উৎক্ষেপণ, চন্দ্ৰ আৰু মঙ্গল অভিযান আদি বিজ্ঞানৰ অসাধাৰণ সাফল্য।
বিজ্ঞানৰ অপব্যৱহাৰ:
পৰমাণু অস্ত্ৰ, পৰিবেশ প্ৰদূষণ আদিয়ে মানৱ সভ্যতাৰ বাবে ভাবুকি সৃষ্টি কৰিছে।
সামৰণি:
সঠিক ব্যৱহাৰে বিজ্ঞান মানৱ সভ্যতাৰ উন্নতিৰ মূল আধাৰ। বিজ্ঞানৰ সদ্ব্যৱহাৰেই সভ্যতাৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিব পাৰে।
